Song: Borkhar Ritu Bhal Pau Moi (বৰ্ষাৰ ঋতু ভাল পাওঁ মই)
Singer: Nirmal Prabha Bordoloi
Borkhar Ritu Bhal Pau Moi Lyrics |
Borkhar Ritu Bhal Pau Moi Lyrics:—
বৰ্ষাৰ ঋতু ভাল পাওঁ মই
প্ৰতিশ্ৰুতি আছে তাত
সেউজী ৰহণ সিয়ে
সানে মাথো শুকান
গছৰে পাত ।
ধুমুহাই দিয়ে অজান পুলক
ভাল পাওঁ তাৰ গতি
মৰহা পাতৰ ঠাই নাই বুলি
উদ্যম আনে মাতি
নতুন প্ৰেৰণা দি থৈ যায়
ধুঁৱলী হ’লেহি বাট ।
সোণাৰুৰ ফুল ভাল পাওঁ মই
কৃষ্ণচূড়াৰ মন
গাজনি বিজুলী যিমানে আছে
সিমানে জিলিকে ৰঙ ।
কাজল আকাশৰ তলতে সিহঁতে
পাতে মোহনীয়া হাট ।