Song: Garib Hiyar Alekh Pradip (গৰীৱ হিয়াৰ অলেখ প্ৰদীপ)
Singer: Bishnu Prasad Rabha
Garib Hiyar Alekh Pradip Lyrics |
Garib Hiyar Alekh Pradip Lyrics:–
গৰীৱ হিয়াৰ অলেখ প্ৰদীপ জ্বালি
কৌটি দুখীয়াৰ তপত ৰুধিৰ ঢালি
পাতে ধনীয়ে দীপালি ।
বাহু ব্যথিতৰ হিয়াই হিয়াই
প্ৰলয় নাচন শিখাই শিখাই
তুলি দাবানল দুখ উজ্বলাই
উঠে বিপ্লব্ জ্বলি
পাতে ধনীয়ে দীপালি ।
পীড়িতৰ জ্বালা জ্বলে অবিৰল
দহে চিৰকাল ব্যথাৰে অনল
সেই অগনিত হই জল্ মল্
উঠে দালান উজ্বলি ।
কৰি মষিমূৰ হৃদয়ৰ তাপ
আঁতৰাই শত শত অভিশাপ
ছাই কৰে পৃথিৱীৰ মহাপাপ
চিতাত ধনীকে তুলি
জাগে বিশ্ব মৰিশালি ।।