Song: Manikjuri Bagisat (মানিকজুৰি বাগিচাত)
Singer: Archana Mahanta
Manikjuri Bagisat Lyrics |
Manikjuri Bagisat Lyrics:—
(মানিকজুৰি বাগিচাত এৰাতি থাকি যা অ’
মাদল বাঁহীৰ মাতাল ৰাতি অ’
মাদল বাঁহীৰ মাতাল ৰাতি ।) _2
জিলিকে তেল পিছল দেহাতে জিলমিল ঘামৰে
ৰুপ কি ৰুপ অ’
ভাদুৱাৰ মাতলৈ গলিচে ফুলমণিৰ কলিজা
ৰুপ কি ৰুপ অ’
বকুলৰে ফুল এৰি মানিকজুৰি পালেহি -2
কিনো মোৰ পাগল পিৰিতী অ’
মাদল বাঁহীৰ মাতাল ৰাতি অ’
মাদল বাঁহীৰ মাতাল ৰাতি ।
উৰিছে কাগজৰ দুখিলা পাতমাহৰ পখিলা উৰে কি পৰে অ’
পৰিছে ফুলমণিৰ চুলিতে ভাদুৱাৰ আঙুলিতে পৰে কি চৰে অ’
কাতি মাহৰ এই ৰাতি লগ পখিলী জাক পাতি _2
মানিকজুৰিত জীৱন পাতি অ’
মাদল বাঁহীৰ মাতাল ৰাতি অ’
মাদল বাঁহীৰ মাতাল ৰাতি ।
মানিকজুৰি বাগিচাত এৰাতি যা অ’
মাদল বাঁহীৰ মাতাল ৰাতি অ’
মাদল বাঁহীৰ মাতাল ৰাতি ।