Song: Mur Naam Aniruddho (মোৰ নাম অনিৰুদ্ধ)
Singer: Nirmal Prabha Bordoloi
Mur Naam Aniruddho Lyrics |
Mur Naam Aniruddho Lyrics:—
মোৰ নাম অনিৰুদ্ধ
এক অপৰূপ সৌন্দৰ্য স্বপ্নই
মোক কৰিছে মুগ্ধ ।
এক ৰমনীয় উৰাৰ পোহৰে
উন্মনা মোক কৰে
সীমাৰ পৰিধি সমাজৰ বিধি
ভাঙি চিঙি গতি লৰে
দুৰ্গম এই পথৰ শেষতে
আকাশ স্বৰ্ণদীপ্ত ।
প্ৰতি জনতাৰ প্ৰাণৰো প্ৰাণত
ময়েই লুকাই আছো
সময় চিত্ৰলেখাই মাতিলে
অৰূপ সাজেৰে সাজো
মোৰ দুৰ্বাৰ গতিক কোনোৱে
কৰিব নোৱাৰে ৰুদ্ধ ।