Song: Janata Tur Pranoru Pranot (জনতা তোৰ প্ৰাণৰো প্ৰাণত)
Singer: Jyoti Prasad Agarwala
Janata Tur Pranoru Pranot Lyrics |
Janata Tur Pranoru Pranot Lyrics:–
জনতা তোৰ প্ৰাণৰো প্ৰাণত
জনতা তোৰ প্ৰাণৰো প্ৰাণত
মনৰো মনত,
শিল্পী যে মই
লুকাই লুকাই আছোঁ;
তোৰ সপোনৰ কত ছবিত
কত যে ফুল বাছোঁ,
লুকাই লুকাই আছোঁ,
তই নাজন,
মই জানো
তোৰ গোপনৰ আশা,
মইহে জানো তই নজনা
তোৰ নিজৰেই ভাষা ৷
তোৰ সেই নিজানত
সেই গহনত
তোৰেই ময়েই
শিল্পীয়েই
তোৰ আন্ধাৰত নাশিবলৈ
তোৰ বুকুতেই
বিপ্লৱী হৈ জাগিম,
পোহৰলৈ তোক নিবলৈ
তোৰেই পূজা নিতৌ পাতি
তোৰেই আশিস মাগিম ৷৷