Song: Janu Janu (জানো জানো)
Singer: Jyoti Prasad Agarwala
Drama: Nimati Koina
Janu Janu Lyrics |
Janu Janu Lyrics:–
জানো জানো জানো
বিফলে নাযায় মোৰো গানো ৷
মোৰ য’ত অশ্ৰুজল
তীৰ্থ জলেৰে মিলি
উজলিব পৃথিৱীৰ
কোষায় কোষায়
জানো জানো জানো ৷
মোৰ যত অভিনৱ গান
বিকশিত কমলৰ গন্ধ সমান
জানো জানো
জগাব সি বিশ্বৰ প্ৰাণো ৷
অকলশৰীয়া সেই পুৱতিৰ তৰা
আপোনাৰ গানতেই আপুনি বিভোৰা
ঊষাৰ কোলাতৰ মাৰ যায়
পোহৰত হাঁহিটি মিলাই
জানো জানো জানো
বিফলে নাযায় তাৰো গানো ৷
জাগা অভিনৱ ছন্দে
মৌন মুগ্ধ যত শব্দ কমল দল
কণ্ঠে কণ্ঠে অৰ্ব্বুদ বৃন্দে
জাগা অমৃত সুৰবাণী পৰমানন্দে ৷৷