Song: Notun Dinor No Suwali (নতুন দিনৰ ন-ছোৱালী)
Singer: Jyoti Prasad Agarwala
Notun Dinor No Suwali Lyrics |
Notun Dinor No Suwali Lyrics:—
নতুন দিনৰ ন-ছোৱালী
মোৰ গানটো যদি গাৱ
মোৰ সুৰত যদি উটি বুৰি যাৱ
মোৰ কপালৰ নতুন জ্যোতি যদি ভাল পাৱ
মোৰ গানটো যদি গাৱ ৷
মোৰ গানটো যদি গাই থাকোতে জ্বলে বুকুত জুই
সপোন দেখি নাথাকিবি
অ’ ছোৱালী শুই
যদি, জ্বলে বুকুত জুই ৷
মোৰ গানত আছে ন বিজুলি
ন জীৱনৰ ন সজুলি
নতুন মানুহ সাজিবলৈ নতুন বটালি
মোৰ গানে তোক বাট দেখুৱায়
পোহৰ কৰি
ন ভৱিস্যৰ নতুন ৰাজ আলি ৷৷