Song: Tur Xidinar Puwar (তোৰ সিদিনাৰ পুৱাৰ)
Singer: Jyoti Prasad Agarwala
Tur Xidinar Puwar Lyrics |
Tur Xidinar Puwar Lyrics:—
তোৰ সিদিনাৰ পুৱাৰ গানে
তোৰ সিদিনাৰ পুৱাৰ গানে
কি নুবুজা গোপন কথা আনে
দূৰণিৰ ভাষা মই যে নুবুজোঁ
মাথোঁ, আকুলতা জাগে মনে প্ৰাণে ৷
এই পৃথিৱীৰ
গন্ধ গানৰ বৰ্ণচয়ৰ
ছন্দ সুৰৰ কত নিজৰা বয়
মোৰ সপোনে তাৰ পাৰতো
উচুপিয়ে ৰয় ৷
উচুপনিৰ নতুন ছন্দ জাগে
নতুন সুৰে সাৰ পাই তাতে
নেদেখা নুশুনা নুবুজা গানৰ
চিৰ পৰিচয় মাগে ৷৷