Poem: Lakhyahinata (লক্ষ্যহীনতা)
Poet: Kuladhar Rabha
Lakhyahinata Poem |
Lakhyahinata Poem:—
জীৱন সংগ্ৰাম
কৰিলোঁ বহু
আশা বুকুত লৈ
নৈৰ মহনাত
ভাবিলোঁ অকলে
অন্তহীন বিজয়ময়
তথাপি আছিল
বুকুত আশা
সৃষ্টিৰ লক্ষ্য জয়
সেয়া আজি
হ’লগৈ পুৰণি
আজি নিৰাশাময়।