Song∶ Morom Dilu Tumak (মৰম দিলোঁ তোমাক)
Singer: Kumar Sanu & Kavita Krishnamurthy
Lyrics: Prashanta Bordoloi
Music: J.P. Das
Morom Dilu Tumak Lyrics |
Morom Dilu Tumak Lyrics:–
(কুমাৰ চানু)
মৰম দিলোঁ তোমাক
হিয়া উপচাই
হৃদয় দিলোঁ তোমাক
থ’বা যতনাই
(কবিতা কৃষ্ণমূৰ্তি) :
মনৰ নিজান বনত
ৰং ভৰি যায়
জীৱনৰ পথত
তোমাক লগ পাই…
(দুয়ো) :
মৰম দিলোঁ তোমাক
হিয়া উপচাই…৷
(কবিতা কৃষ্ণমূৰ্তি) :
কৈছিলা তুমি সেইদিনা
মৰমেৰে সজাবা
জীৱনজোৰা প্ৰেৰণা
সপোনেৰে যাচিবা…
(কুমাৰ চানু) :
কৈছিলা তুমি যিদিনা
সুৰে-সুৰে আজি সজাবা
হৃদয় ভৰা বাসনা
প্ৰণয়েৰে যাচিবা…
(দুয়ো) :
কাষত থাকিবা সদায়
চিৰদিন ৰ’বা সদায়
কাষত থাকিবা সদায়…
চিৰদিন ৰ’বা সদায়…
(কুমাৰ চানু) :
মৰম দিলোঁ তোমাক
হিয়া উপচাই
(কবিতা কৃষ্ণমূৰ্তি) :
জীৱনৰ পথত
তোমাক লগ পাই
(দুয়ো) :
মৰম দিলোঁ তোমাক
হিয়া উপচাই
(কুমাৰ চানু) :
দূৰণিলৈ চোৱাঁনা
পাহাৰৰ নীলা চুৰা
প্ৰভাতী বেলি চোৱাঁনা
আবিৰ ৰঙচুৱা…
(কবিতা কৃষ্ণমূৰ্তি) :
বননিলৈ চোৱাঁনা
আশাই উপচুৱা
আকাশী ৰ’দ চোৱাঁনা
কি যে মোহনীয়া…!
(দুয়ো) :
মনতে ৰাখিবা সদায়
চিৰদিন ৰ’বা সজায়
মনতে ৰাখিবা সদায়
চিৰদিন ৰ’বা সজায়…
(কুমাৰ চানু) :
মৰম দিলোঁ তোমাক
হিয়া উপচাই
হৃদয় দিলোঁ তোমাক
থ’বা যতনাই
(কবিতা কৃষ্ণমূৰ্তি) :
মনৰ নিজান বনত
ৰং ভৰি যায়
জীৱনৰ পথত
তোমাক লগ পাই…
(কুমাৰ চানু) :
মৰম দিলোঁ তোমাক
হিয়া উপচাই
(কবিতা কৃষ্ণমূৰ্তি) :
অ’…
মৰম দিলোঁ তোমাক
হিয়া উপচাই…৷