Song: Siyangor Galong Lyrics (চিয়াঙৰ গালং)
Singer: Bhupen Hazarika
Siyangor Galong Lyrics |
Siyangor Galong Lyrics:—
চিয়াঙৰ গালং
লোহিতৰে খামটি
আৰু টিৰাপৰে ৱানচুৱে
মোক কিয় মাতিছে ?
অসমীৰে পদূলি উদুলি যে মুদুলি
মৰম চেনেহৰে হাট বহিছে
আপতানি ভনীটিক ধৰিলোঁ সাবটি
বেচেৰূপে নিলে মোক আথে-বেথে মাতি
ক’লে: আজি কিয় ৰঙৰে চকুলো সৰিছে ?
অ’ পাহাৰৰে তলিত
ভৈয়ামৰে সীমাতে
চিনাকী চিনাকী কি সবাহ বহিছে ?
মনপা ককাইটিক ধৰিলোঁ সাবটি
বিনিময়ত তেওঁ দিলে বুদ্ধৰে মূৰতি
ক’লে : যুগ যুগৰ মিতিৰালিৰ ধ্বজা উৰিছে
অ’ বহুদিনে নেদেখা পদম ইনু নক্তেই
‘আহ’ বুলি হিয়াৰে আপং যাচিছে
একতাৰ বেহা কৰি ভাবিলোঁ ওভতোঁ
উভতিয়ে চাই দেখোঁ আহিছে সিহঁতো
ৰিঙিয়াই ক’লে মোক: কিছুবেলি ৰ’বি
উভতি গৈ তই অসমীকে ক’বি –
আজি পাহাৰে ভৈয়ামৰে কলিজা চিনিছে
অ’ চেৰদুকপেন আৰু টাংচাই
অঁকা আৰু বৰীয়ে
চেনেহ এনাজৰীৰে বাটি কাঢ়িছে
চিয়াঙৰে গালং
লোহিতৰে খামটি
টিৰাপৰে ৱাংছুৱে
মোক কিয় মাতিছে ?
অসমীৰে পদূলি
উদুলি যে মুদুলি
মৰম চেনেহৰে হাট বহিছে