Song: Dangkai Pagala hol
Singer: Zubeen Garg & Swapnil Bharadwaj
Dangkai Pagala Hol Lyrics
এ সৰুতে ইশ্বৰে
কেলৈ নামাৰিলে ঐ…
হে পুতি থলেহেতেন গাতত…
ঐ এতিয়া ইশ্বৰে
যাতনাত ভগাইছে
ঐ এনেহেন যৌৱনৰ কালত
কেতিয়াবা বেজাৰত
কেতিয়াবা বেজাৰত
আঘাত লাগে অন্তৰত
গজালি হৈ সুমাম গৈ
শিৱ দৌলৰ ভিতৰত (২)
AssameseLyrical.com
এ দাংকাই তলৈকে আছু চাই
এ দাংকাই বয়স যায় ভনিয়াই
এ দাংকাই কিনো ভাবি থাকো তই
এ দাংকাই ৰৈ থাকিব সময় নাই
মা-দেউতাকৰো বয়স হ’ল
বোৱাৰী এজনী লগা হ’ল
মোকো সচাঁই দাংকাই ঐ
নবৌ এজনী লগা হ’ল
দাংকাই দাংকাই দাংকাই ঐ…
তোৰ কি হৈছে সচাঁ কৈ ক’
ভাইটি মোৰ জীৱনত
বিৰহৰ কাহিনী
ভাইটি তোৰে আগত
নেমেলো পাতনি
জালুকবাৰীত পঢ়োতে
পাইছিলো লগ এজনী
সেইজনী অ গুচি গ’ল
মোকে বহুতো আশা দি
আশা আশা কৈয়ে
ৰব মোৰ কিজানি
জীৱন লগৰী মোৰ
মনৰ বিহংগিনী
ভাইটি ভাইটি ভাইটি ঐ…
তয়ে ল এজনী
তয়ে ল এজনী আনি
দাংকাই পগলা হ’লে ঐ
দাংকাই পগলা হ’লে ঐ
মৰমৰ ৰগেৰে শুলে তাক
বুকুতে বিন্ধি গ’ল
দাংকাই ইমান পঢ়ি শুনি
দাংকাই কিনো তই হৈ গলি
দাংকাই আমাৰে ঐ আশাতে
এ দাংকাই ধালিলি চেচাঁ পানী
সপোন সপোন হৈয়ে ৰ’ল
ভবা কথা মিছা হ’ল
আমাৰে ঐ সপোনবোৰ
বতাহতে উৰি গৈ
দাংকাই দাংকাই দাংকাই ঐ…
আজি সচাঁকৈ পগলা
সচাঁকৈ পগলা হ’ল
ভাইটি মোৰ জীৱনৰ
মেলো যদি পাতনি
সেইখনি প্ৰেম উপন্য়াস হ’ব
যে কাহিনী
সেইখনি ঐ উপন্য়াস
লিখি পেলাম কিজানি
যিজনীয়ে পঢ়িব
হ’ব তাই পাগলী
গুচি যাম গৈ সচাঁকৈ
ঘৰৰ মায়া এৰি
হমে গৈ ভাইটি ঐ
শিৱ দৌলৰ পুজাৰী
ভাইটি ভাইটি ভাইটি ঐ…
মাঁ-দেউতাক তয়ে নো চাবি
দাংকাই পগলা হ’লে ঐ
দাংকাই পগলা দাংকাই পগলা হ’ল ।