Haturibo Pari buli Lyrics |
Song: Haturibo Pari buli
Singer: Zubeen Garg
Album: Mon Faguni
Haturibo Pari buli Lyrics
সাতুঁৰিব পাৰি বুলি সাগৰ জানো সাতোঁৰে
পাহৰিব পাৰি বুলি মৰম জানো পাহৰে
কাৰোবাৰ কথা শুনি পাহৰি যাবা নে
অতীতৰ দিয়া মৰম দলিয়াই দিবা নে
সেইবুলিয়ে লাগে ভয় অ’ মৰমী (2X)
AssameseLyrical.com
জিলিকা সকলো বোৰ সোন হব নোৱাৰে
তৰা বোৰ কেতিয়াও জোন হব নোৱাৰে
এবাৰ পোৱা মৰম যেতিয়া হেৰাই যায়
তাতোকৈ দুখৰ কথা আন একোয়ে নাই
হিয়া খন ভাঙি ছিঙি যায় ও মৰমী
প্ৰতাৰনা কৰিব নাপাই (2X)
আশাবোৰ কেতিয়াও শেষ হব নোৱাৰে
ভাল পোৱা মনে সদায় কাষত হে বিচাৰে
জোন বেলি তৰা সদায় উলায়ে থাকিব
তুমি মই নাথাকিলেও ভাল পোৱা থাকিব
সেইয়া বাৰু ভাবিছানে নাই ও মৰমী
সচা মৰম এৰিব নাপাই (2X)
ধুমুহাই ভঙা পজা আকৌ সাজিব পাৰি
ভাঙিলে মনৰ আশা যোৰা দিব নোৱাৰি
নাজাই নপোৱাই লাগে দুখৰে ৰাতিবোৰ
ভাবি মই নিশা কতাও অতীতৰ কথাবোৰ
উভতি আহিবানে নাই অ’ মৰমী
মোৰে মন বুজিবানে নাই (2X)
উভতি আহিবানে নাই অ’ মৰমী
মোৰে মন বুজিবানে নাই