Song: Aai Tuk Kihere Pujime (আই তোক কিহেৰে পুজিমে)
Singer: Bhupen Hazarika

Aai Tuk Kihere Pujime (আই তোক কিহেৰে পুজিমে) – Lyrics:–
আই তোক কিহেৰে পুজিমে
আই তোৰ চৰণে দুখানি,
আই অ কিহেৰে পুজিমে তোক
আই অ জীৱন দি পুজিমে তোক….
আই তোৰ মৰমী কোলাতে
আই মই জনমে লভিলো,
আই তোৰ কিহেৰে শুজিমে ধাৰ
আই অ জীৱন দি শুজিমে ধাৰ….
আই অ আই
শ্যামলী কোলাতে পাহাৰে-ভৈয়ামে
খেলিলো কতনা খেলা,
আই অ আই
শ্যামলী কোলাতে পাহাৰে-ভৈয়ামে
খেলিলো কতনা খেলা,
আই তোৰ মৰমবোৰ নিগৰি
আই অ লুইত হৈ বাগৰে,
আই অ শান্তি সাগৰলে বুলি
আই অ মহা মিলনলে বুলি….
আই তোক কিহেৰে পুজিমে
আই তোৰ চৰণে দুখানি,
আই অ কিহেৰে পুজিমে তোক
আই অ জীৱন দি পুজিমে তোক….
আই অ জীৱন দি পুজিমে তোক….
আই অ জীৱন দি পুজিমে তোক….