Song: Mur Mon Baagh (মোৰ মন বাঘ)
Singer: Jayanta Hazarika
Mur Mon Baagh Lyrics |
Mur Mon Baagh Lyrics:—
মোৰ মন বাঘ যদি আজি চৰাই হয়
আৰু কʼৰবাৰ চিলনীয়ে খেদি খেদি কয় –
তোৰ সাহৰ দেখোঁ কোনো চিনচাব নাই
মই কʼম কি?
মোৰ মাটিডৰা যদি আজি ছন পৰি যায়
আৰু আয়ে যদি কান্দি কান্দি মোক আহি কয়
সেউজ ৰং মোক বাৰু কিয় নিদিলি ?
মই কʼম কি ?
মই কʼম কি ?
মোৰ বুকুখন আজি যদি পাল হৈ যায়
ধুমুহাই যদি তাতে সঘনে কোবায়
মই জানো মুখখন হাতেৰে ঢাকি
চিঞৰিম আকাশ কঁপাই ।
মোৰ দেশখন যদি আজি আই হৈ যায়
আৰু আয়ে যদি কান্দি কান্দি বাৰে বাৰে কয়
তই বাৰু মোৰ বাবে কৰিলিনো কি
মই কʼম কি ?
মই কʼম কি ?