Song: Hikoli Singi Tumi Jaba (শিকলি চিঙি তুমি যাবা)
Singer: Zubeen Garg
Hikoli Singi Tumi Jaba Lyrics |
Hikoli Singi Tumi Jaba Lyrics:—
শিকলি চিঙি তুমি যাবা কেনেকৈ?
আজি মোক পাহৰি,,,,,,,
মৰমৰ এনাজৰী এনেকৈ আজোঁৰি
কেনি যোৱা আতৰি?
“মই তৰা আকাশৰ, মই পৰী সপোনৰ
নাহিবা কাষলে নুচুবা মোক৷
জোন-বেলি একাকাৰ মোৰ এই ৰূপতেই
সময়ো যে থমকি চাই মাথো মোৰ৷”
অভিমানী,,,,,,,,,,,,
“চুব খুঁজিলেই নিজে হেৰুৱাব,
চাব খুজিলেই এন্ধাৰ দেখিব,
সপোনহে মাথো নহওঁ দিঠক মই,
বুজি পোৱা যদি পোৱা৷
আলসোৱা মন নোৱাৰা বান্ধিব,
সজা ভাঙি থৈ উৰিব খুজিব,
সময় থাকোতেই দুচকু মোহাৰি,
সাৰ পোৱা যদি পোৱা৷”
অভিমানী প্ৰিয়া মোৰ,, নুশুনো নুবুজো মই
তোমাৰ তৰা চকু, আশা মোৰ তিৰেবিৰাই৷
শিকলি চিঙি তুমি যাব নোৱাৰা
আজি মোক পাহৰি,,,,,
অভিমানী,,,,,,,,,,,,,,
“এদিন দুদিনকৈ বছৰ বহু গ’ল,
এপল দুপলকৈ সময় গলি গ’ল,
তোমাৰ আশাতেই হৃদয় জলি ৰ’ল,
নুবুজিলা মোৰ বেথা৷
এতিয়া আহিছা আকৌ কাষলৈ,
পাহৰা সপোনক জীৱন দিবলৈ,
চকুত পোহৰ সিঁচি এন্ধাৰ হ’বলৈ,
ক’ত পালা অধিকাৰ কোৱা?”
অভিমানী প্ৰিয়া মোৰ,, একেদৰেই আছো মই
আহিব আকৌ ঘুৰি জোনাক নিবিৰ প্ৰণয়৷
শিকলি চিঙি তুমি যাবা কেনেকৈ?
আজি মোক পাহৰি,,,,,
মৰমৰ এনাজৰী এনেকৈ আজোঁৰি
কেনি যোৱা আতৰি?
“তুমি মোৰ আবেলি, হাইতাৰ হেঙুলী
কৰিলাহি ৰাঙলী, হিয়া মোৰ এধানি৷
সকলো পাহৰি, নতুনক আদৰি
খোজ দিওঁ আমি অতীতক গচকি৷”