Janata Tur Pranoru Pranot Lyrics By Jyoti Prasad Agarwala

Song: Janata Tur Pranoru Pranot (জনতা তোৰ প্ৰাণৰো প্ৰাণত)

Singer: Jyoti Prasad Agarwala

Janata Tur Pranoru Pranot Lyrics
Janata Tur Pranoru Pranot Lyrics

Janata Tur Pranoru Pranot Lyrics:–


জনতা তোৰ প্ৰাণৰো প্ৰাণত
জনতা তোৰ প্ৰাণৰো প্ৰাণত
মনৰো মনত,
শিল্পী যে মই
লুকাই লুকাই আছোঁ;


তোৰ সপোনৰ কত ছবিত


কত যে ফুল বাছোঁ,
লুকাই লুকাই আছোঁ,


তই নাজন,


মই জানো        
তোৰ গোপনৰ আশা,
মইহে জানো তই নজনা
তোৰ নিজৰেই ভাষা ৷


তোৰ সেই নিজানত


সেই গহনত
তোৰেই ময়েই
শিল্পীয়েই
তোৰ আন্ধাৰত নাশিবলৈ
তোৰ বুকুতেই
বিপ্লৱী হৈ জাগিম,
পোহৰলৈ তোক নিবলৈ
তোৰেই পূজা নিতৌ পাতি
তোৰেই আশিস মাগিম ৷৷

Leave a Comment