Seni Baideu Dibyajit Das | Priti Kashyap

Seni Baideu Dibyajit Das

Promotion
Singer: Dibyajit Das, Priti Kashyap
Music: Geet

অ চেনি বাইদেউ জনী তিপটপ হৈ কেনি বাৰু ওলালি
অ ভিনদেউক যে লগত নানিলি
অ ৰসুকুলি ৰঙিলী হৈ লৰাবোৰক বলিয়া কৰিলি
অ ভিনদেউ এ জানেনে নে কথা টি

Promotion

মৰম লগা ভনী জনী কি ঘৰতে থৈ আহিলি
ডেকা লৰা বোৰে নাচাব বুলি ঘূৰি
নাচাব বুলি ঘূৰি তোক

ওলাব নোৱাৰি সোমাব নোৱাৰি
ডেকা বোৰে ঘূৰি ঘূৰি চাই
চকু চকু পৰিলে
মিচিকিয়া হাঁহিলে
লাজে মোৰ লাগি যায়

অ চেনি বাইদেউ  চেনি বাইদেউ
অ চেনি বাইদেউ  চেনি বাইদেউ

অ ৰুৱালী বিলৰ বৰালি
অ চেনি বাইদেউ কোনোবা যে এটা মদাহী
লতং পতং কৈ ঘূৰি ফুৰা
অ চেনি বাইদেউ মাৰে যিহে ফুটনি

অ ৰুৱালী বিলৰ বৰালি
অ চেনি বাইদেউ কোনোবা যে এটা মদাহী
লতং পতং কৈ ঘূৰি ফুৰা
অ চেনি বাইদেউ মাৰে যিহে ফুটনি

ছাল তাল নাই চেহেৰাও নাই
ছাল তাল নাই চেহেৰাও নাই
মাৰে যিটো ফিতাহী
যেন ব্ৰিটিছৰ চিপাহী
অ যেন যেন ব্ৰিটিছৰ চিপাহী অ

(Music)…

মনে মনে এদিন অ বাইদেউ গৈছিলোঁ তোৰ ঘৰলে
অ নঙলাদাল খোলোতে অ বাইদেউ বাপেৰে তোৰ দেখিলে
মনে মনে এদিন অ বাইদেউ গৈছিলোঁ তোৰ ঘৰলে
অ নঙলাদাল খোলোতে অ বাইদেউ বাপেৰে তোৰ দেখিলে
অ পিছে পিছে খেদিলে
ঘৰুৱা এছাৰী দাল লৈ

মোৰো মন আছে জানো চেনাইডেং
তুৰলে বিয়া হবলৈ
পাৰিবি জানোং বিয়া পাতি লৈ
কথাটি কবলৈ

অ বাইদেউ ভনীয়েৰক মোলৈ দিবি নে
অ বাইদেউ ভনী জোঁৱাই পাতিবি নে
অ বাইদেউ তোৰ বাপেৰদাল যিটোহে
অ বাইদেউ দেখিবলে মোকে নোৱাৰে

অ দিবি নে ঐ সঁচাকে
ভনীয়েৰক ঐ মোৰলৈকে
ৰাখিম জানক সুখতে
ৰাখিম জানক সুখতে মই
ৰাখিম জানক সুখতে
ৰাখিম জানক সুখতে মই

Leave a Comment