Bukute Buku Khon Lyrics |
Song: Bukute Buku Khon
Singer: Zubeen Garg
Album: Mukha
Bukute Buku Khon Lyrics
বুকুতে বুকু খন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি
ৰাঙলী ৰঙদৈ আধৰুৱা প্ৰেমৰ কথা
বান্ধৈ এইবাৰ শুন আহি
শদিয়া সাৱটি ঘূৰা লুইতৰে পাৰত
সময়ে থৈছিলে লিখি
AssameseLyrical.com
বুকুতে বুকু খন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি……
ৰঙদৈ আছিলি মাছুৱৈ
লুইতৰ পাৰৰে ডেকা তই
চৰাকৈ জাতৰে ৰাঙলীক
হিয়াখন উজাৰি দিলি গৈ
মিলনৰে শত্ৰু এই সমাজে
মিলিবলে নিদিছিলে এই মাতিতে
আপোনি চিতাতে জ্বলিছে ৰঙদৈ
ৰাঙলীক লুইতৰ কৰি থৈ
বুকুতে বুকু খন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি……….
সেয়া দুৰ কোনোবা পুৰনি
ইতিহাষৰে পাত লুটিয়াও
প্ৰেমৰ অনুপম উপমা
দেখি আবেগত উজতি খাও
হয়তো বাআকাশে থাই দিছে
সৰগত দুয়োতাৰে মন মিলিছে
আহিলে আহা মোৰ সতে শদিয়া লৈ যাও
ৰঙদৈ ৰাঙলীৰ সমাধি চাও
বুকুতে বুকু খন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি
ৰাঙলী ৰঙদৈৰ আধোৰোৱা প্ৰেমৰ কথা
বান্ধৈ এবাৰ শুন আহি